নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাত ছাত্রৰ বিক্ষোভত ‘ভাৰত মাতা ছে আজাদী’ শ্লোগান

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ পশ্চিমবংগৰ ৰাজধানী কলকাতাত আয়োজিত এক প্রতিবাদী কার্যসূচীত কালি কেইবাখনো বিশ্ববিদ্যালয়ৰ শিক্ষার্থীয়ে ভাৰতবিৰোধী শ্লোগান দিয়া ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷

যাদৱপুৰ বিশ্ববিদ্যালয়ৰ লগতে অন্য কেইবাখনো শিক্ষা প্রতিষ্ঠানৰ শিক্ষার্থীয়ে কালি প্রতিবাদী কার্যসূচীত ‘ভাৰত মাতা ছে আজাদী’, ‘কাশ্মীৰ মাংগে আজাদী’, ‘আছাম মাংগে আজাদী’ আদি বিভিন্ন দেশবিৰোধী শ্লোগান দিয়ে৷

উল্লেখনীয় যে ‘হিন্দুৰাষ্ট্র ইজ ৰেপিষ্ট’ বুলি লিখা দীঘল বেনাৰ লৈ কালি কলকাতাৰ ৰাজপথত শিক্ষার্থীসকলে উলিয়াইছিল এই প্রতিবাদী কার্যসূচী৷ শিক্ষার্থীসকলে ভিক্টোৰিয়া মেম’ৰিয়েলৰ সন্মুখত বিজেপি সাংসদ স্বপন দাশগুপ্ত আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ উপাচার্য বিদ্যুৎ চক্রৱর্তীৰ বিতর্কিত মন্তব্যৰ বিৰুদ্ধে কালি উলিয়াইছিল প্রতিবাদী সমদল৷

You might also like