নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ১৫০ সংখ্যক জয়ন্তী পালন কৰিবলৈ কলকাতাত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

সাক্ষাৎ মমতা বেনাৰ্জীক

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্ৰতিবাদ চলি থকাৰ সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া কাৰ্যসূচীলৈ কলকাতাত উপস্থিত হৈছেগৈ। কিন্তু প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত নহল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখড় আৰু মমতা চৰকাৰৰ মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক বিমান বন্দৰত আদৰণি জনায়। আনহাতে প্ৰধানমন্ত্ৰী আদৰিবলৈ কেইবাজনো বিজেপি নেতা বিমান বন্দৰত উপস্থিত থাকে। উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী মোডীক পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰিছে।

You might also like