নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ পাকিস্তানত বসবাস কৰাটো ধর্মীয় সংখ্যালঘু লোকসকলৰ বাবে আটাইতকৈ ভয়ংকৰ ঘটনা৷ দেশখনত প্রাণটো হাতৰ মুঠিত লৈ দীর্ঘদিন ধৰি বাস কৰি থকা ১০০গৰাকী লোকে সীমান্ত পাৰ হৈ ভাৰতত উপস্থিত হৈছেহি৷ কাঁটা তাঁৰৰ বেৰ পাৰ হৈ সেই লোকসকলে ভাৰতত উপস্থিত হৈছে শূন্য হাতে৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি, ইয়াৰ পূর্বে ৰাজস্থানলৈ পাকিস্তানৰ পৰা পলাই আহিছিল ৮০০গৰাকী হিন্দু লোক৷ দেশখনত চলি থকা দমন–উৎপীড়নৰ পৰা ৰক্ষা পাবলৈ এনেদৰে ভাৰতলৈ পলাই অহা হিন্দু লোকসকলক কেনে মর্যাদা প্রদান কৰা হয়, সেয়া লক্ষণীয় হ’ব৷ লক্ষণীয়ভাৱে ভাৰতলৈ আহি নাগৰিকত্ব নোপোৱাৰ বাবে বিভিন্ন সময়ত পুনৰ পাকিস্তানলৈ উভতি যাবলগীয়া হৈছে বহু হিন্দু লোক৷