কাইলৈ পুৱা ৫.৩০ বজাত তিহাৰ কাৰাগাৰত ওলমিব নিৰ্ভয়া কাণ্ডৰ দোষী
নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ নিৰ্ভয়া দোষীৰ ফাঁচীৰ কেতিয়া হ’ব সেইসন্দৰ্ভত অৱেশেষত অৱসান ঘটিল । অহা ২০ মাৰ্চ অৰ্থাৎ কাইলৈ পুৱা ৫.৩০ বজাত ফাঁচি দিয়া হ’ব। সকলো আইনী পথ বন্ধ হ’ল নিৰ্ভয়া কাণ্ডৰ আটাইকেইজন দোষীৰ। উল্লেখ্য যে সোমবাৰে মুকেশৰ মৃত্যুদণ্ডৰ ৰায় সংশোধনৰ আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে । ২০ মাৰ্চৰ ফাঁচী স্থগিত কৰাৰ বাবে যি আবেদন কৰিছিল অৱশেষত সেই আবেদনো বাতিল কৰিছিল ন্যায়ালয়ে ।
মন কৰিবলগীয়া যে ২০১২ চনৰ নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ বাবে ৪ জনক ফাঁচীৰ ৰায় দিছিল আদালতে । কিন্তু আইনী জটিলতাৰ বাবেই দিনৰ পাচত পিছুৱাই থকা হৈছিল ফাঁচীৰ দিন ।