নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালান্তক ক’ৰোনাঃ ভাৰতত যোৱা ২৪ ঘণ্টাত ৪৭ জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা । মঙলবাৰে দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে, এই পৰ্যন্ত দেশত ১৮,৬০১ জন লোক আক্ৰান্ত হৈছে ক’ৰোনাত । ইয়াৰ বিপৰীতে ৫৯০ জন লোকৰ মৃত্যু ঘটিছে ।

ইফালে যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৩৩৬ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ৪৭ জন লোকৰ ।

ইয়াৰে সৰ্বাধিক মহাৰাষ্ট্ৰত ৪৬৬৬ জন, দিল্লীত ২০৮১ জন, তামিলনাডুত ১৫২০ জন, কেৰালাত ৪০৭ আৰু তেলেংগানাত ৮৭২ জন লোক আক্ৰান্ত হৈছে ।

You might also like