নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত ইণ্টাৰনেট সেৱা পুনৰ মুকলিৰ নির্দেশ

অনির্দিষ্টকাললৈ ইণ্টাৰনেট বন্ধত অনুমতি দিব নোৱাৰি : এছচি

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে মন্তব্য কৰিছে যে জম্মু–কাশ্মীৰত অনির্দিষ্টকাললৈ ইণ্টাৰনেট সেৱা বন্ধত অনুমোদন জনাব নোৱাৰি ৷ দেশৰ সর্বোচ্চ ন্যায়ালয়খনে আৰু মন্তব্য কৰে যে অত্যন্ত জৰুৰী হ’লে নির্ধাৰিত সময়ৰ বাবেহে ইণ্টাৰনেট বন্ধ কৰিব লাগে ৷ এক নির্দেশযোগে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এসপ্তাহৰ ভিতৰত জম্মু–কাশ্মীৰত জৰুৰী সেৱাৰ কাৰণে ইণ্টাৰনেট সেৱা মুকলি কৰি দিবলৈ নির্দেশ দিছে ৷ উল্লেখ্য যে যোৱা বর্ষৰ ৫ আগষ্টত জম্মু–কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল আৰু ৰাজ্যখনক দ্বিখণ্ডিত কৰি দুখন কেন্দ্রীয় শাসিত ৰাজ্যলৈ পৰিণত কৰাৰ পিছতেই কেন্দ্রীয় চৰকাৰে আইন–শৃংখলা পৰিস্থিতিৰ দোহাই দি বন্ধ কৰিছিল ইণ্টাৰনেট সেৱা ৷ ন্যায়াধীশ এন বি ৰমন, ন্যায়াধীশ আৰ সুভাষ ৰেড্ডী আৰু ন্যায়াধীশ বি আৰ গৱইৰ তিনিজনীয়া বিচাৰপীঠে এটি গোচৰৰ শুনানি গ্রহণ কৰি মন্তব্য কৰে যে ৰাজ্যখনত ১৪৪ ধাৰাৰ ভুল ব্যৱহাৰ কৰা হৈছে ৷ উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে আৰু কয় যে মন গ’লেই যেতিয়াই–তেতিয়াই ১৪৪ ধাৰা জাৰি কৰিব নোৱাৰে ৷ লগতে সর্বোচ্চ ন্যায়ালয়ে ইণ্টাৰনেট নিষিদ্ধকৰণ আৰু ১৪৪ ধাৰা জাৰি কৰাৰ আদেশ ৰাজহুৱা কৰাৰ লগতে নিষিদ্ধকৰণৰ ওপৰত পুনৰীক্ষণ কৰিবলৈ নির্দেশ দিয়ে ৷ উল্লেখ্য যে কাশ্মীৰ উপত্যকাত ইণ্টাৰনেট সেৱা বন্ধৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছিল ৷

You might also like