নিয়মীয়া বাৰ্তা, ৩ মার্চঃ কাশ্মীৰৰ বিভিন্ন প্রান্তত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই পাঁচ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰাৰ লগতে বাদগামত এটি ঘাটি উচ্ছেদ কৰে ৷ ৰাষ্ট্রীয় ৰাইফল আৰু বাদগামৰ আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা অভিযানত আনছাৰুল গাজৱাটুল হিন্দ (এ জি এইচ) নামৰ সন্ত্রাসবাদী সংগঠনটোৰ ৪ সদস্যক গ্রেপ্তাৰ কৰাৰ লগতে সন্ত্রাসবাদীকেইটা আশ্রয় লৈ থকা ঘাটিটোৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র আৰু বিস্ফোৰক উদ্ধাৰ হয়৷ আনপিনে, গাণ্ডেৰৱাল আৰক্ষী আৰু ৰাষ্ট্রীয় ৰাইফলছে অভিযান চলাই লস্কৰ–ই–তৈবাৰ দুর্ধর্ষ সন্ত্রাসবাদী এটাক গ্রেপ্তাৰ কৰে৷ সন্ত্রাসবাদীটোৰ পৰা অভিযানকাৰী দলে চীনৰ গ্রেনেড এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ তথ্য মতে বাদগামত সন্ত্রাসবাদীৰ ঘাটি উচ্ছেদ কৰাৰ পিছত নিৰাপত্তা বাহিনীয়ে গ্রেপ্তাৰ কৰা চাৰি সন্ত্রাসবাদীক কাশ্মীৰৰ কানিহামাৰ মীৰ মুজাম্মিল নবি, ওমৰ আয়াজ আহংগাৰ, কান্তেবাগৰ ৰৌফ আহমেদ ভাট, ইশ্বাক আহমেদ ভাট বুলি চিনাক্ত কৰিছে৷ কাশ্মীৰ আৰক্ষীয়ে প্রকাশ কৰা মতে এ জি এইচৰ সন্ত্রাসবাদী চাৰিটা কেইবাটাও কূটাঘাতমূলক কার্যত জড়িত আছিল৷ এই চাৰি সন্ত্রাসবাদীয়ে কাশ্মীৰ উপত্যকাত যুৱকসকলক সন্ত্রাসবাদীৰ প্রতি আকর্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰি থকাৰ লগতে পাকিস্তানৰ পৰা অহা সন্ত্রাসবাদী প্রদান কৰি সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰাত সহযোগ কৰি আছিল ৷ নিৰাপত্তা বাহিনীৰ চাল–চলনকে ধৰি বিভিন্ন তথ্য সংগ্রহ কৰি সন্ত্রাসবাদী হস্তান্তৰ কৰি আছিল ৷
Prev Post
Next Post