নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জীক লৈ প্রতিবাদ অব্যাহত ৰাখিছে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে৷ ৰাজ্যখনৰ ৰাজধানী কলকাতাত কেইবাটাও প্রতিবাদী সমদল ইতিমধ্যে উলিওৱা মুখ্যমন্ত্রী মমতা বেনার্জীয়ে পুনৰ আন এক বিশাল প্রতিবাদী সমদল উলিয়াই কেন্দ্রীয় চৰকাৰক ‘কা’ আৰু এন আৰ চি ৰাজ্যখনত ৰূপায়ণ কৰিবলৈ অনুমতি নিদিয়ে বুলি হুংকাৰ দিয়ে৷
ইপিনে, কালি কংগ্রেছ আৰু বাঁওপন্থী দলে কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী গ্রহণ কৰি ৰাজ্যখনত হিংসাত্মক কার্যকলাপ সংঘটিত কৰাৰ পৰিপ্রেক্ষিততে ক্ষুণ্ণ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে অহা ১৩ জানুৱাৰীত কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীৰ নেতৃত্বত বিৰোধীৰ বৈঠকত অংশ নলওঁ বুলি ঘোষণা কৰিছে৷
লক্ষণীয় যে পশ্চিমবংগত বাঁওপন্থী দল আৰু কংগ্রেছে লেতেৰা ৰাজনীতি কৰি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী বেনার্জীয়ে ‘কা’ আৰু এন আৰ চিৰ বিৰুদ্ধে অকলেই যুঁজি যাব বুলি আজি ঘোষণা কৰে৷ ৰাজ্যখনৰ বিধানসভাত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্রী বেনার্জীয়ে কয় যে বংগত চি পি এম আৰু কংগ্রেছে হিংসাত্মক কার্যত লিপ্ত হৈছে৷ দল দুটাই মালদা আৰু আন ঠাইত যান–বাহনত অগ্ণিসংযোগ কৰাত জনতাক উচটনি দিছে৷
এই ঘটনাৰ বাবে দল দুটাই দায়ী৷ এনে কাৰণতে ‘কা’ আৰু এন আৰ চিৰ বিৰুদ্ধে তেওঁ অকলেই যুঁজত অৱতীর্ণ হ’ব৷ প্রতিবাদৰ পৰিৱর্তে বাঁওপন্থী দল আৰু কংগ্রেছে ৰাজ্যখনৰ সকলো দোকান–পোহাৰকে ধৰি প্রতিষ্ঠান বন্ধ কৰি ৰাজ্যখনৰ অর্থনীতি বিধ্বস্ত কৰিব বিচাৰিছে বুলিও অভিযোগ কৰে মমতা বেনার্জীয়ে৷