নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় অন্তিম বাৰৰ বাবে ১৯৮৩ চনত পুণেত ফাঁচি দিছিল চাৰিজন অপৰাধীক?

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ দিল্লীৰ এখন ন্যায়ালয়ে নিৰ্ভয়াৰ চাৰিজন দোষীক মৃত্যুৰ পৰোৱানা জাৰি কৰিছে। ন্যায়ালয়ে একে লগে চাৰিজন দোষীক ২২ জানুৱাৰীত ফাঁচিত ওলমাবলৈ নিৰ্দেশ দিছে। দেশত প্ৰায় ৩৬ বছৰৰ পিছত একে লগে চাৰিজনক ফাঁচিৰ নিৰ্দেশ দিছে। ইয়াৰ আগতে পুণেত ২৫ অক্টোবৰ ১৯৮৩ য়ৰৱাদা কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিছিল। উল্লেখ্য যে পুণেত ১৯৭৬চনৰ পৰা ১৯৭৭ চনৰ ভিতৰত ১০ জন লোকক হত্যা কৰিছিল চাৰিজন হত্যাকাৰীয়ে। সেই সময়ত অচ্যুত যোশী-অভয়ংকৰ চিৰিয়েল কিলিং নামেৰে সেই সময়ত সংবাদ মাধ্যমত চৰ্চিত হৈছিল। হত্যাকাৰী কেইজন পুনেৰ অভিনৱ কলা মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। কিন্তু মদ্যপান আৰু দুচকীয়ী বাহনৰ বাবে অপৰাধ জগতত ভৰি দিছিল। প্ৰথমটো হত্যাকাণ্ড সংঘটিত কৰিছিল ১৬ জানুৱাৰী ১৯৭৬ চনত। হত্যাকৰীয়ে প্ৰথমে তেওঁলোকৰ নিজৰে সহপাঠীক অপহৰণ কৰি ডিঙি ৰেপি হত্যা কৰি তাৰ পিছত লোহাৰ বাক্সত ভৰাই এটা পুখুৰীত পেলাই দিছিল। ইয়াৰ পিছত ৬ মাহৰ ভিতৰতেই ৯ টা হত্যাকাণ্ড সংঘটিত কৰিছিল। ইয়াৰ মাজতেই কেইবাটাও ঘৰত লুটিবলৈ সোমাইছিল। সেই পৰিবাৰ সমূহক ডিঙিত ৰচী লগাই হত্যা কৰিছিল আৰু মূল্যৱান সামগ্ৰী লুটি নিছিল। সেইবোৰ ঘটনাই মহাৰাষ্ট্ৰত সেই সময়ত তীব্ৰ চৰ্চিত হৈছিল। হত্যাকাৰী কেইজন আছিল ৰাজেন্দ্ৰ জক্কল, দিলীপ সুতাৰ, সন্তৰাম কনহৌজী, মুনাবৰ শ্বাহ। ইয়াৰে এজন দোষী সুভাষ চণ্ডক ৰাজসাক্ষী হৈছিল।

You might also like