নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় হঠাৎ আমেৰিকাত বৃদ্ধি পাইছে বন্দুক–গুলীৰ বিক্রী ? জানি আচৰিত হ’ব আপুনি

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ আশ্চর্যজনকভাৱে আমেৰিকা যুক্তৰাষ্ট্রত বৃদ্ধি পাইছে বন্দুক–গুলীৰ বিক্রী৷ ঘাতক ক’ৰোনা ভাইৰাছৰ বাবে শংকিত আমেৰিকাবাসী অত্যাৱশ্যকীয় সা–সামগ্রীৰ বিপৰীতে অস্ত্র ক্রয়ত প্রাধান্য দিছে৷ মার্কিন যুক্তৰাষ্ট্রৰ ৫০ খন দেশলৈ প্রাণঘাতী ভাইৰাছটোৰ সংক্রমণ সম্প্রসাৰিত হৈ প্রায় ১০,০০০ লোক আক্রান্ত হোৱাৰ লগতে ১৫৫ জন লোকে প্রাণ হেৰুৱাইছে৷ ভয়াৱহ ভাইৰাছৰ সংক্রমণ বৃদ্ধিৰ পৰিপ্রেক্ষিতত মার্কিন প্রশাসনে প্রতিৰোধী ব্যৱস্থা হিচাপে আংশিক লকডাউন কৰাৰ পাছত দেশবাসীয়ে অত্যাৱশ্যকীয় সা–সামগ্রী ক্রয় কৰিছে যদিও একাংশই বন্দুক–গুলী ক্রয় কৰাত গুৰুত্ব দিছে৷

ইতিমধ্যে বন্দুক–গুলী থকা লোকে পুনৰ বন্দুক–গুলী ক্রয় কৰাৰ বিপৰীতে একাংশ নতুন গ্রাহকেও অস্ত্র ক্রয়ত হেতা–ওপৰা লগাইছে৷ মার্কিন যুক্তৰাষ্ট্রত বন্দুক ক্রয়–বিক্রয় মুকলি বাবেই ক’ৰোনা ভাইৰাছৰ শংকাৰ সময়তো অস্ত্র–শস্ত্র ক্রয় কৰিবলৈ দোকানত শাৰী পাতিছে৷ আত্মৰক্ষাৰ বাবে আমেৰিকানসকলে বন্দুক ঘৰত ৰখাটো নিয়মৰ লেখীয়া হৈ আছে৷ ক’ৰোনা ভাইৰাছে শংকিত কৰি ৰখা আমেৰিকানসকলে নিজক দুর্বৃত্তৰ পৰা ৰক্ষা কৰিবলৈ বন্দুক–গুলী বৃদ্ধি কৰিছে৷

মন কৰিবলগীয়া যে প্রশাসনে লকডাউন কৰিলে অত্যাৱশ্যকীয় সা–সামগ্রীৰ নাটনি হ’লে দুর্বৃত্তই বাসগৃহত লুটপাত চলোৱাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখিয়েই বন্দুক ক্রয় কৰাত উঠিপৰি লাগিছে৷

তথ্য মতে, যোৱা ২৩ ফেব্রুৱাৰীৰ পৰা ৪ মার্চলৈ অস্ত্রৰ বিপণীৰ লগতে অনলাইনত বিক্রীৰ হাৰ ৬৮ শতাংশ বৃদ্ধি পাইছে৷ অনলাইনযোগে অস্ত্র বিক্রী কৰা আম্মো.কমৰ তথ্য মতে ২৩ ফেব্রুৱাৰীৰ পৰা ১৫ মার্চলৈকে ২২ দিনত অস্ত্রৰ বিক্রীত ৩০০ শতাংশ ৰাজহ বৃদ্ধি পাইছে৷ ক’ৰোনাই দেশৰ পৰিস্থিতি অস্থিৰ কৰি তোলাৰ শংকাতেই বন্দুক–গুলী ক্রয় কৰি নিজক সুৰক্ষিত কৰাৰ বাবেই আমেৰিকানে এনে পদক্ষেপ লৈছে৷ মার্কিন যুক্তৰাষ্ট্রত অস্ত্র বিক্রী বৃদ্ধি পোৱা বিষয়টো ব্যাপক চর্চিত হৈছে৷

You might also like