নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রীচত আবদ্ধ তেজপুৰৰ মেধাৱী ছাত্র

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ ক’ৰোনাৰ আতংকত ভীতিগ্রস্ত বিশ্ববাসী৷ সমস্যাত পৰিছে বহু প্রবাসী অসমীয়াও৷ এই আতংকৰ মাজতে গ্রীচত আবদ্ধ হৈ আছে তেজপুৰৰ মেধাৱী ছাত্র কৌস্তুভ বৰা৷ ডল্লেখ্য যে আমেৰিকাৰ ফিলাডেলফিয়াৰ ড্রেক্সেল বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ গৱেষক ছাত্র কৌস্তুভ বৰাই ছমাহ পূর্বে আমেৰিকাৰ পৰা ইনটেনচিভ পাঠ্যক্রমৰ বাবে গ্রীচৰ ক্রেটা বিশ্ববিদ্যালয়লৈ গৈছিল৷

শেহতীয়াকৈ ক’ৰোনা ভাইৰাছৰ আতংক সমগ্র বিশ্বতে বিয়পি পৰাত কৌস্তুভে আমেৰিকালৈ উভতি যাব বিচাৰিছিল যদিও কৌস্তুভে নাপালে অনুমতি৷ ইয়াৰ পাছত কৌস্তুভে চেষ্টা চলালে নিজ দেশলৈ উভতি অহাৰ বাবে৷ কিন্তু সেয়াও এতিয়া অসম্ভৱ হৈ পৰিছে৷ কাৰণ গ্রীচত সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে বিদেশৰ পৰা অহা–যোৱা কৰা সকলো ধৰণৰ বিমানসেৱা৷ কৌস্তুভৰ ভিছাৰ ম্যাদ ২৩ আগষ্টত শেষ হ’ব৷ ইয়াৰ পৰিপ্রেক্ষিতত কৌস্তুভে অতি শেহতীয়াকৈ গ্রীচত থকা ভাৰতীয় দূতাবাসত যোগাযোগ কৰে৷ ভাৰত চৰকাৰে ছাত্রগৰাকীৰ প্রত্যাৱর্তনৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰে৷ তেতিয়া অচিৰেই ৰাছিয়া হৈ ভাৰতলৈ বিশেষ বিমানেৰে ছাত্রগৰাকীক প্রেৰণ কৰাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি কর্তৃপক্ষই জানিবলৈ দিছে৷ সম্প্রতি উদ্বিগ্নতাৰে বিদেশৰ ভূমিত দিন পাৰ কৰিছে তেজপুৰৰ ছাত্রজনে৷

ইফালে অসম আন্দোলনৰ প্রাক্তন নেতা তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উপ–সভাপতি দিলীপ বৰাৰ একমাত্র পুত্র কৌস্তুভ বিপদত পৰাত পিতৃ–মাতৃ আৰু আত্মীয়–স্বজনে চৰম উদ্বিগ্নতাত দিন পাৰ কৰিছে৷ পিতৃ দিলীপ বৰাই দেশৰ প্রধানমন্ত্রী আৰু অসমৰ মুখ্যমন্ত্রীক তেওঁৰ পুত্রক স্বদেশলৈ উভতি অহাৰ ব্যৱস্থা কৰিবলৈ কাতৰ আহ্বান জনাইছে৷ তদুপৰি শোণিতপুৰৰ উপায়ুক্তক লিখিতভাৱে পত্র প্রদান কৰি এইক্ষেত্রত বিহীত ব্যৱস্থা গ্রহণৰ বাবে অনুৰোধ জনাইছে প্রাক্তন ছাত্র নেতা তথা শিল্পী দিলীপ বৰাই৷

You might also like