নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্রিম বুদ্ধিমত্তাৰ আন্তর্জাতিক অংশীদাৰিত্বৰ প্রতিষ্ঠাপক সদস্য ভাৰত

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ আন্তর্জাতিক আৰু বহুজাতিক অভিযানৰ কৃত্রিম বুদ্ধিমত্তাৰ আন্তর্জাতিক অংশীদাৰিত্ব (জিপিএআই)ৰ প্রতিষ্ঠাপক সদস্য হিচাপে ভাৰত অন্তর্ভুক্ত হ’ল৷ কেন্দ্রীয় তথ্য–প্রযুক্তিমন্ত্রী ৰবি শংকৰ প্রসাদে টুইটযোগে এই ঘোষণা কৰে৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে জি পি এ আইৰ প্রতিষ্ঠাপক সদস্য হিচাপে ভাৰত অন্তর্ভুক্ত হোৱাটো আনন্দৰ বিষয় বুলি উল্লেখ কৰি কয় যে বহুজাতিক আন্তর্জাতিক অংশীদাৰিত্ব এই মঞ্চই কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু মানৱকেন্দ্রিক বিকাশ আৰু দায়বদ্ধতাৰ ওপৰত কার্যসূচী গ্রহণ কৰিব৷ বিশ্বৰ প্রথমটো এনেধৰণৰ কৃত্রিম বুদ্ধিমত্তাৰ আন্তর্জাতিক অংশীদাৰিত্বৰ মঞ্চই মানৱ জাতিৰ বাবে অনেক সুফল কঢ়িয়াব বুলিও মন্ত্রীগৰাকীয়ে আশা ব্যক্ত কৰে৷

You might also like