নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা জামনগৰ হাউছৰ নির্বাচন আয়োগৰ কার্যালয়ত দীর্ঘ সময় প্রতীক্ষা কৰিবলগীয়া হয় মুখ্যমন্ত্রী কেজৰিৱালে ৷ কেজৰিৱালে মনোনয়ন দাখিলৰ বাবে ৪৫ নম্বৰ টোকেন লাভ কৰে ৷ ইয়াৰ বাবে কেইবাঘণ্টাও প্রতীক্ষা কৰিব লগা হয় মুখ্যমন্ত্রীগৰাকীয়ে ৷ ইফালে, কংগ্রেছে সাতজনীয়া অন্তিম প্রার্থী তালিকা ঘোষণা কৰিছে ৷ মুখ্যমন্ত্রী কেজৰিৱালৰ বিৰুদ্ধে নতুন দিল্লী সমষ্টিত কংগ্রেছে প্রার্থী হিচাপে প্রক্ষেপ কৰিছে ৰমেশ ছাভাৰৱালক ৷ উল্লেখনীয় যে ছাভাৰৱাল হৈছে কেজৰিৱালক প্রত্যাহ্বান জনোৱা এগৰাকী নৱাগত প্রার্থী ৷