কেন্দ্ৰক লকডাউন বৃদ্ধিৰ অনুৰোধ কেইবাখনো ৰাজ্যৰ
নিয়মীয়া বাৰ্তা ৭ এপ্ৰিলঃ কেইবাখনো ৰাজ্য আৰু বিশেষজ্ঞই কেন্দ্ৰ চৰকাৰক ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবৰ বাবে লক ডাউন বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰত প্ৰকাশ যে এই সন্দৰ্ভত চৰকাৰে চিন্তা চৰ্চা কৰি আছে।
উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২৪ মাৰ্চত ২১ দিনীয়া লকডাউনৰ ঘোষণা কৰিছিল আৰু অহা ১৪ এপ্ৰিলত ইয়াৰ ম্যাদ অন্ত পৰিব।
ভাৰতত এতিয়ালৈকে ক’ৰোনাত সংক্ৰমিত ৰোগী ৪৪২১ জন আৰু ৩২৫ জনে ইয়াৰে সুস্থ হৈ উঠিছে আৰু মত্যু হৈছে ১১৪ জনৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ক’ৰোনা সংক্ৰমণৰ সন্দৰ্ভত প্ৰকাশ কৰিছে এই তথ্য।