নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবিনেটৰ অনুমোদনঃ উত্তৰ–পূব পৰিষদৰ বাজেটত ৩০ শতাংশ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ উত্তৰ–পূব পৰিষদৰ বাজেটত ৩০ শতাংশ পুঁজি বৃদ্ধিত অনুমোদন জনালে কেন্দ্রীয় কেবিনেটে৷ নতুন দিল্লীত কালি অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ বৈঠকত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাভাড়েকাৰে৷

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে উত্তৰ–পূব পৰিষদৰ বাজেটত ৩০ শতাংশ পুঁজি বৃদ্ধি কৰাৰ সিদ্ধান্ত কেবিনেটে গ্রহণ কৰিছে৷ এই পুঁজি উত্তৰ–পূব পৰিষদৰ চলিত আঁচনিৰ অধীনত নতুন প্রকল্পত ব্যয় কৰা হ’ব৷ এই সিদ্ধান্তৰ জৰিয়তে অনুমোদনত সৰলীকৰণ আৰু প্রকল্প ৰূপায়ণৰ গতি বৃদ্ধি পাব৷ প্রান্তীয় আৰু অনগ্রসৰ অঞ্চলৰ লোকসকলৰ কল্যাণৰ কাৰণে এই পুঁজি ব্যৱহাৰ কৰা হ’ব বুলি কয় কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷

You might also like