কেমব্রিজত মোদীক সমালোচনা ৰাহুলৰ
নিয়মীয়া বাৰ্তা, ৪ মার্চ: কেমব্রিজ বিশ্ববিদ্যালয়ৰ আন্তর্জাতিক সম্পর্ক আৰু গণতন্ত্র বিষয়ত আলোচনা–চক্রত অংশগ্রহণ কৰি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে সৰৱ হ’ল নেতা ৰাহুল গান্ধী৷ কংগ্রেছ সাংসদগৰাকীয়ে ভাষণত উল্লেখ কৰে যে নৰেন্দ্র মোদী চৰকাৰে ভাৰতৰ ধাৰণাকেই সলনি কৰি দিছে৷ গণতন্ত্রক মোদী চৰকাৰে আক্রমণ কৰা বুলি অভিযোগ কৰি ৰাহুলে তেওঁৰ ফোনত পেগাছাছ লগাই দিয়া হৈছিল বুলিও দাবী কৰে৷ স্মর্তব্য যে ২০২১ চনৰ এপ্রিল মাহত ইজৰাইলী স্পাইৱেৰ পেগাছাছৰ জৰিয়তে বিৰোধী নেতাসকলৰ ফোন টেপিং কৰা বুলি মোদী চৰকাৰৰ বিৰুদ্ধে অভিযোগ উঠিছিল৷