নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাৰ তিনি বছৰীয়া শিশু সংক্ৰমিত, দেশত এতিয়ালৈকে ৪৩ জন ক’ৰোনা আক্ৰান্ত

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ কেৰালাৰ একেটা পৰিয়ালৰে ৫জনকৈ সদস্য ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি কেৰালাৰ এই পৰিয়ালটোৰ তিনিজন সদস্য শেহতীয়াকৈ ইটালীৰ পৰা উভতি আহিছিল ৷ ইটালীত ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ গ্রহণ কৰিছে আৰু দুই শতাধিক লোকে প্রাণ হেৰুৱাইছে ৷ বিদেশী ৰাষ্ট্রখনৰ পৰা ঘূৰি অহা পৰিয়ালটোৰ তিনি সদস্যৰ শৰীৰত ক’ৰোনা ভাইৰাছে থিতাপি লোৱাৰ কথা পৰৱর্তী সময়ত ধৰা পৰে ৷ এওঁলোকৰ মাজত আছে এটি শিশু ৷ কেৰালাৰ স্বাস্থ্যমন্ত্রী কে কে শৈলাজাই জনোৱা মতে, ইটালীৰ পৰা ঘূৰি অহাৰ পাছত পৰিয়ালটোৱে যাত্রাৰ সবিশেষ তথ্য প্রদান কৰা নাছিল ৷ যাৰ বাবে তেওঁলোকক পৰীক্ষাও কৰোৱা নহ’ল ৷ পৰিয়ালটোৰ সদস্যসকলে চিকিৎসাধীন হ’বলৈ ইচ্ছা প্রকাশ কৰা নাছিল যদিও অৱশেষত তেওঁলোকক বাধ্য কৰোৱা হৈছে ৷ উল্লেখ্য যে ইটালীৰ পৰা ওভতাৰ পাছত এই সদস্যকেইজনে আত্মীয়–স্বজনকো সাক্ষাৎ কৰিছিল ৷ বর্তমান কেউজন আক্রান্তকে আইছ’লেচন ৱার্ডত পৃথককৈ ৰখা হৈছে ৷ ইফালে তামিলনাডুতো এজন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷

You might also like