নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগাবলৈ দেশজুৰি তলাবন্ধ ঘোষণা কৰাৰ সময়তে কোৱাৰেণ্টাইন উলংঘা কৰাৰ অভিযোগত উত্তৰাখণ্ডত উত্তৰকাশী জিলাৰ আৰক্ষীয়ে ৫১গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ লক্ষণীয়ভাৱে ৰাজহ আৰক্ষীয়ে গোচৰ ৰুজু কৰা লোকসকলৰ ভিতৰত এটি ছমহীয়া আৰু এটি দুবছৰীয়া শিশুও আছে৷ জুভেনাইল জাষ্টিচ এক্ট অনুসৰি আঠ বছৰৰ তলৰ শিশুৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ ৰুজু কৰিব পৰা নাযায়৷ কিন্তু আৰক্ষীয়ে এই গোচৰ দুবছৰীয়া তথা ছমহীয়া শিশুৰ বিৰুদ্ধে ৰুজু কৰাৰ লগে লগে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ উত্তৰকাশী জিলাৰ উপায়ুক্তগৰাকীয়ে এই ঘটনা সন্দর্ভত কোভিড–১৯ দণ্ডাধীশৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰিছে৷
জিলা দণ্ডাধীশগৰাকীয়ে উল্লেখ কৰা অনুসৰি আৰক্ষী তথা কোভিড–১৯ দণ্ডাধীশৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে৷ দেশজুৰি এই বিষয়টোক লৈ প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ সময়তে জিলা দণ্ডাধীশগৰাকীয়ে তাৎক্ষণিকভাৱে এই ঘটনা সন্দর্ভত এক প্রতিবেদনো বিচাৰিছে৷ স্মর্তব্য যে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ মহামাৰীৰ সংক্রমণত প্রতিৰোধ লগাবলৈ দেশজুৰি তলাবন্ধ ঘোষণা কৰিছিল প্রধানমন্ত্রী মোদীয়ে৷ বর্তমানো সমগ্র দেশ দ্বিতীয় পর্যায়ৰ তলাবন্ধ অব্যাহত আছে৷