ক্ষমতাৰ পৰা অপসাৰিত হ’ব নেকি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ?
নিউজডেস্ক, ২০ ডিচেম্বৰঃ বিৰোধী ৰাজনীতিকৰ বিৰুদ্ধে ইউক্ৰেইনক তদন্ত চলোৱাৰ বাবে চাপ সৃষ্টি কৰি ক্ষমতাৰ অপব্যৱহাৰৰ মহাভিযোগত অভিযুক্ত হৈছে মাৰ্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷
বুধবাৰে দেশখনৰ ডেম’ক্রেটিকৰ সংখ্যাগৰিষ্ঠতা থকা হাউছ অৱ ৰিপ্রেজেনটেটিভত মহাভিযোগৰ বিষয় লৈ চলা এক ভোট প্রক্রিয়াত ট্রাম্পৰ বিৰুদ্ধে ২৩০টা ভোট পৰাৰ বিপৰীতে সপক্ষে ভোটদান কৰে ১৯৭গৰাকী প্রতিনিধিয়ে ৷
উল্লেখনীয় যে দুটা বিষয় লৈ এই গণভোট অনুষ্ঠিত হৈছিল ৷ এটা হৈছে ক্ষমতাৰ অপব্যৱহাৰ আৰু আনটো মার্কিন কংগ্রেছত তদন্তত বাধাৰ সৃষ্টি ৷ দ্বিতীয়টো বিষয়ত ট্রাম্পৰ সপক্ষে ১৯৮গৰাকীয়ে ভোটদান কৰাৰ বিপৰীতে বিপক্ষে ভোটদান কৰে ২২৯গৰাকী প্রতিনিধিয়ে৷
লক্ষণীয়ভাৱে হাউছ অৱ ৰিপ্রেজেনটেটিভত মহাভিযোগ প্রক্রিয়া সফল হৈছে যদিও এই বিষয়টোক লৈ চিনেটত চলিব ট্রাম্পৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া ৷ আমেৰিকাৰ ৰাজনৈতিক ইতিহাসত ৰাষ্ট্রপতিৰ বিৰুদ্ধে সংসদত এয়া তৃতীয়টো মহাভিযোগৰ ঘটনা ৷ ইয়াৰ পূর্বে ১৮৬৮ চনত এন্ড্রিউ জনছন আৰু ১৯৯৯ চনত বিল ক্লিণ্টনৰ বিৰুদ্ধে হাউছ অৱ ৰিপ্রেজেনটেটিভত মহাভিযোগ সফল হৈছিল ৷ কিন্তু চিনেটৰ বিচাৰ প্রক্রিয়াত দুয়োগৰাকী নেতাই মুক্তিলাভ কৰিছিল ৷
ট্রাম্পৰ বিৰুদ্ধে এই মহাভিযোগৰ ভোট প্রক্রিয়া চলি থকাৰ সময়তে নেতাগৰাকীয়ে মিছিগানৰ বেটেল ক্রিকত এক প্রচাৰ সমাৱেশত ভাষণ দি আছিল ৷ এই সমাৱেশতে নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি ট্রাম্পে কয় যে এই মহাভিযোগ সমগ্র আমেৰিকাবাসীৰ বিৰুদ্ধে চলোৱা এক প্রক্রিয়া৷ এয়া তেওঁৰ বিৰুদ্ধে ব্যক্তিগত মহাভিযোগ প্রক্রিয়া নহয় বুলি ঘোষণা কৰিছে ট্রাম্পে৷
উল্লেখনীয় যে মার্কিন কংগ্রেছত তৃতীয়বাৰৰ বাবে ৰাষ্ট্রপতি মহাভিযোগৰ সন্মুখীন হৈছে যদিও দেশখনৰ ২৪৩ বছৰীয়া ইতিহাসত কোনো এগৰাকী শীর্ষ নেতাই এই মহাভিযোগৰ বাবে ক্ষমতাৰ পৰা অপসাৰণ হ’বলগীয়া হোৱা নাই৷ ট্রাম্পৰ ক্ষেত্রতো চিনেটত এই প্রক্রিয়া ব্যর্থ হোৱাৰ সম্ভাৱনাই বেছি৷ ১০০জনীয়া চিনেটত ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ প্রক্রিয়া সফল হ’বলৈ হ’লে দুই–তৃতীয়াংশ প্রতিনিধিয়ে ইয়াৰ সপক্ষে ভোটদান কৰিব লাগিব৷ অর্থাৎ ডেম’ক্রেটিক প্রতিনিধিসকলৰ উপৰি কমপক্ষেও ২০গৰাকী ৰিপাব্লিকানে ট্রাম্পৰ বিৰুদ্ধে ভোটদান কৰিব লাগিব৷ ৰিপাব্লিকান প্রতিনিধিসকলে চিনেটত নেতাগৰাকীৰ বিৰুদ্ধে ভোটদান কৰাৰ সম্ভৱনা ক্ষীণ৷ গতিকে কংগ্রেছত ট্রাম্প তৃতীয়বাৰৰ বাবে মহাভিযোগৰ সন্মুখীন হোৱা শীর্ষ নেতা হিচাপে চিহ্ণিত হৈছে যদিও ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ সম্ভাৱনা শূন্য বুলি ক’লেও ভুল কৰা নহয়৷ তথাপি ট্রাম্পৰ বাবে এয়া আগন্তুক ২০২০ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে এক প্রত্যাহ্বান হিচাপে চিহ্ণিত হৈছে ৷