ক’ৰোনাৰ পৰা কনিকা মুক্ত যদিও আইনৰ পৰা মুক্ত হোৱা নাই
নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ সমগ্ৰ দেশতে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজত চৰকাৰে যিমান পাৰে চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে বলিউদৰ কণ্ঠ শিল্পী কনিকা কাপুৰ ক’ৰোনাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে। কনিকা ক’ৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ’ল ঠিকেই কিন্তু কনিকাৰ যেন বিপৰ্যয় শেষ হোৱা নাই। হাস্পতলাৰ পৰা মুক্তি পোৱাৰ পিছত কনিকা এতিয়া ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত আছে। এই ১৪ দিন শেষ হোৱাৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে কনিকাক জেৰা কৰাৰ পৰিকল্পনা কৰিছে। কনিকাৰ বিৰুদ্ধে ভাইৰাছ বিয়পোৱাৰ অভিযোগত আই পি চি ২৬৯-২৭০ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈ আছে। কনিকাৰ বিৰুদ্ধে দায়িত্বহীনতাৰ দৰে অভিযোগত অভিযুক্ত হৈ আছে। উল্লেখ্য যে ইংলেণ্ডৰ পৰা ভাৰতলৈ আহি কনিকাই কেইবাটাও পাৰ্টীত অংশগ্ৰহণ কৰিছিল। অৱশ্যে সেই পাৰ্টীত অংশ গ্ৰহণ কৰা এজনো লোক ক’ৰোনাত আক্ৰান্ত হোৱা নাই।