নিয়মীয়া বাৰ্তা, ৬ মার্চঃ শেহতীয়াকৈ ইটালী ভ্রমণৰ পৰা ভাৰতলৈ উভতি অহা কংগ্রেছ নেতা ৰাহুল গান্ধীৰ স্বাস্থ্য পৰীক্ষাৰ দাবী জনাইছে বিজেপিৰ এজন সাংসদে ৷ চীনৰ পাছতে বিশ্বৰ বিভিন্ন দেশৰ লগতে ইটালীতো ক’ৰোনা ভাইৰাইছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে সেই দেশ ভ্রমণ কৰা ৰাহুল গান্ধীকো এই ভাইৰাছে আক্রমণ কৰাৰ সন্দেহ প্রকাশ কৰি বৃহস্পতিবাৰে সংসদত বিজেপিৰ সাংসদ ৰমেশ বিধুৰীয়ে এই পৰামর্শ আগবঢ়াইছে ৷ দিল্লীৰ সাংসদজনে কয়– ‘ইটালীৰ পৰা অহা বহু লোকৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷’ কালি সংঘর্ষৰজর্জৰ উত্তৰ–পূব দিল্লী পৰিদর্শন কৰা কংগ্রেছ নেতা ৰাহুল গান্ধী সন্দর্ভত এই মন্তব্য কৰে সাংসদজনে৷ সংসদত দিল্লীৰ সাংসদজনে কয়– ‘ৰাহুল গান্ধী ইটালীৰ পৰা মাত্র ছদিন পূর্বে দেশলৈ ঘূৰি আহিছে৷ সেইবাবে তেওঁকো ক’ৰোনা ভাইৰাছৰ পৰীক্ষা কৰাব লাগে৷’ দিল্লীৰ অশান্ত অঞ্চলসমূহ পৰিদর্শন কৰিবলৈ যোৱা ৰাহুল গান্ধীয়ে মুখত মুখা নিপিন্ধা কার্যক তেওঁ সমালোচনা কৰে ৷
Prev Post
Next Post