নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্ণাটক উপনিৰ্বাচনঃ বিজেপিৰ ১২ খন আসনত জয়লাভ

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ কৰ্ণাটকৰ উপনিৰ্বাচনত বিজেপিৰ ১২ খন আসনত জয়লাভ কৰিলে । নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছতেই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েদিয়ুৰুপ্পায়ে কয় যে এখন স্থায়ী চৰকাৰ গঠন হোৱাৰ বাবে এতিয়াৰে পৰা কোনো ধৰণৰ সমস্যা নহব। লগতে মুখ্যমন্ত্ৰীজনে কয় যে মই সুখী যে জনতাই বহু ভাল ফলাফল দিছে। এতিয়াৰে পৰা জনসাধাৰণৰ কাৰণে কাম কৰিবলৈ আৰু সুবিধা পাম। আমি এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হলো। কৰ্ণাটকৰ ২২৩টা বিধানসভা আসনৰ এতিয়া বিজেপিৰ হাতত ১১৭ খন আসন হলগৈ। যত চৰকাৰ গঠন কৰিবলৈ ১১২ খন আসন কেৱল প্ৰয়োজন। যাৰ পৰিপেক্ষিতত এতিয়া বিজেপি একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হল।

You might also like