নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ লকডাউনৰ বাবে শিক্ষানুষ্ঠান বন্ধ হৈ থকাত অনলাইনযোগে পাঠ্যক্রম চলাই থকা হৈছে বিভিন্ন শৈক্ষিক প্রতিষ্ঠানত৷ পশ্চিমবংগৰ বাংকুৰা জিলাৰ আহান্দা গাঁৱৰ এগৰাকী ইতিহাসৰ শিক্ষকে অনলাইনযোগে শিক্ষার্থীক পাঠদান কৰিবলৈ গৈ এক অভিনৱ পন্থা গ্রহণ কৰিলগীয়া হয়৷ শিক্ষকগৰাকীয়ে এই পন্থা স্বেচ্ছাই গ্রহণ কৰাৰ বিপৰীতে কাৰিকৰী বিসংগতিৰ ফলত ল’বলগীয়া হৈছে৷ শিক্ষা আৰু শিক্ষার্থীৰ প্রতি থকা দায়বদ্ধতাৰ বাবে শিক্ষকজনে ম’বাইল নেটৱর্ক নথকাত গছৰ ওপৰলৈ গৈ বিপদসংকুলভাৱে পাঠদান অব্যাহত ৰাখিছে৷ আডামাছ বিশ্ববিদ্যালয় আৰু ৰাইচ এডুকেচনৰ শিক্ষার্থীক সুব্রত পটিয়ে তেওঁৰ বাসগৃহৰ ওচৰতে থকা নিমগছৰ ওপৰত চাং পাতি লৈ অনলাইনযোগে শিক্ষা প্রদান কৰি আহিছে৷ লক্ষণীয় যে ৩৫ বছৰীয়া ইতিহাসৰ শিক্ষকগৰাকীয়ে ডি আই ৱাই (ডু ইট ইয়ৰছেল্ফ) আর্হিৰে শিক্ষা প্রদান কৰি চর্চাৰ মাজলৈ আহিছে৷