নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসত কঠোৰ ক’ভিড প্রট’কল

দিল্লীৰ অনুষ্ঠানত অংশগ্রহণ কৰিব নোৱাৰিব ১৫ বছৰ বয়সৰ তলৰ শিশুৱে

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ গণৰাজ্য দিৱস বা স্বাধীনতা দিৱসৰ বর্ণাঢ্য অনুষ্ঠান সকলোৰে বাবে আকর্ষণীয়৷ দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱসৰ অনুষ্ঠান চোৱাৰ সকলোকে অনুমতি প্রদান কৰা হয়৷ কিন্তু ক’ভিড মহামাৰীৰ বাবে এই বর্ণাঢ্য অনুষ্ঠানত শিশুৰ পৰা বৃদ্ধলৈকে সকলো লোকৰ পূর্বৰ দৰে অংশগ্রহণ সহজ হৈ থকা নাই৷ এইবাৰো দিল্লী আৰক্ষীয়ে জাৰি কৰিছে এলানি নির্দেশ৷ সোমবাৰে জাৰি কৰা এই নির্দেশ অনুসৰি ১৫ বছৰৰ কম বয়সৰ শিশু তথা কিশোৰসকলে গণৰাজ্য দিৱসৰ কুচকাৱাজৰ অনুষ্ঠানত অংশগ্রহণ কৰিব নোৱাৰিব৷

লক্ষণীয়ভাৱে ১৫ৰ পৰা ১৮ বছৰ বয়সৰ তৰুণসকলক ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হৈছে যদিও ১৫ বছৰৰ তলৰ শিশুসকলে ভেকচিন পোৱা নাই৷ গতিকে এই অনুষ্ঠানত অংশগ্রহণৰ বাবে বয়সৰ সীমা নির্ধাৰণ কৰি দিয়া হৈছে৷ ইফালে, ক’ভিডৰ দুয়োটা ভেকচিন ড’জ নোলোৱা লোকসকলো গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব৷ ফেচ মাস্ক আৰু শাৰীৰিক দূৰত্ব মানি চলাটো বাধ্যতামূলক৷ এই নিয়ম মানি নচলিলে অনুষ্ঠানৰ পৰা বাহিৰ কৰি দিয়া হ’ব বুলি সতর্কবাণী কৰিছে আৰক্ষীয়ে৷ গণৰাজ্য দিৱসৰ অনুষ্ঠানত পুৱা ৭ বজাৰ ভিতৰতে গৈ আসন গ্রহণ কৰিব লাগিব৷ স্মর্তব্য যে দীর্ঘদিন ধৰি দিল্লীৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক হৈ আছে৷ ক’ৰোনাৰ নতুন প্রকৰণ অমিক্রনত আক্রান্তৰ সংখ্যা দিল্লীত প্রতিদিনে বৃদ্ধি পাইছে৷ গতিকে গণৰাজ্য দিৱসত এই ব্যৱস্থা গ্রহণ কৰিছে দিল্লী আৰক্ষীয়ে৷

You might also like