গুটেৰেছৰ কাশ্মীৰকেন্দ্রিক মন্তব্যত ক্ষুব্ধ ভাৰত
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ চাৰিদিনীয়া ভ্রমণসূচীৰে কালি পাকিস্তানত উপস্থিত হোৱা বিশ্বৰ সর্বোচ্চ সংগঠন ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে পাক শীর্ষ নেতৃত্বৰ সৈতে জম্মু–কাশ্মীৰৰ বিষয় লৈ উদ্বেগ প্রকাশ কৰাৰ লগে লগে ইয়াৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে নতুন দিল্লী প্রশাসনে৷ ভাৰতৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র ৰবিছ কুমাৰে উল্লেখ কৰিছে যে জম্মু–কাশ্মীৰ ভাৰতভূমিৰ এক অবিচ্ছেদ্য অংগ৷ পাকিস্তানে অবৈধভাৱে জম্মু–কাশ্মীৰৰ ব্যাপক অঞ্চল দখল কৰি থকা বুলিও ৰবিছ কুমাৰে মন্তব্য কৰে৷ লক্ষণীয়ভাৱে এণ্টনি’ গুটেৰেছে জম্মু–কাশ্মীৰৰ বর্তমানৰ পৰিস্থিতি সন্দর্ভত উদ্বেগ প্রকাশ কৰি দীর্ঘদিনীয়া এই সমস্যাটো সমাধানৰ ক্ষেত্রত ভাৰত–পাকিস্তানৰ মাজত মধ্যস্থতা কৰিবলৈ আগ্রহ প্রকাশ কৰিছিল৷ কিন্তু ভাৰতে সদায় এইটো দ্বিপাক্ষিক বিষয় বুলি অভিহিত কৰি কোনো তৃতীয় পক্ষৰ মধ্যস্থতাৰ প্রয়োজন নাই বুলিও ঘোষণা কৰি আহিছে৷ গুটেৰেছৰ মন্তব্যৰ পিছতে কালি ৰবিছ কুমাৰে ভাৰতৰ স্থিতি এইক্ষেত্রত অক্ষত আছে বুলি মন্তব্য কৰি কয় যে জম্মু–কাশ্মীৰ পূর্বেও ভাৰতভূমিৰ অবিচ্ছেদ্য অংগ আছিল আৰু ভৱিষ্যতেও হৈ থাকিব৷ গতিকে পাকিস্তানে দখল কৰি থকা কাশ্মীৰভূমি মুক্ত কৰাৰ বিষয় লৈহে আলোচনা হোৱা উচিত বুলিও উল্লেখ কৰে কুমাৰে৷