নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ঘন কুঁৱলীৰ বাবে দেশৰ ৰাজধানী দিল্লীৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈ পৰিছে৷ আজি পুৱাৰ ভাগত ৰাষ্ট্রীয় ৰাজধানী অঞ্চলত কুঁৱলীৰ বাবেই যান–বাহনৰ চলাচল ব্যাহত হৈ পৰে৷ দিল্লী তথা ইয়াৰ সমীপৱর্তী কেইবাখনো প্রদেশত কুঁৱলীৰ বাবেই ২৬খন ৰে’লৰ চলাচলত বিলম্ব ঘটে বুলি ৰে’ল বিভাগৰ এক সূত্রই সংবাদ মাধ্যমক জনাইছে৷ উত্তৰ ৰে’লৱেৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি প্রয়াগৰাজ সংগম–চণ্ডীগড় ক’ভিড বিশেষ ৰে’লৰ চলাচলত আজি কেইবাঘণ্টাও বিলম্ব ঘটে৷ সেইদৰে গয়া আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা বিশেষ ৰে’লৰ সেৱাও ব্যাহত হয় কুঁৱলীৰ বাবে৷
অৱশ্যে পুৱাৰ ভাগত প্রায়বোৰ যাত্রীবাহী ৰে’লৰ সেৱা ব্যাহত হয় যদিও পলমকৈ এই ৰে’লবোৰে গন্তব্য স্থানলৈ যাত্রা কৰে৷ আজমগড় আৰু দিল্লীৰ মাজত চলাচল কৰা কেইবাখনো ৰে’লৰ সেৱা বাতিল কৰা হয় কুঁৱলীৰ বাবে৷ স্মর্তব্য যে বর্তমান দিল্লীত চলি আছে প্রচণ্ড শীত৷ ৰাজধানী মহানগৰখনৰ তাপমাত্রা ২ ডিগ্রী ছেণ্টিগ্রেডৰ তললৈ অৱনমিত হৈছে৷ এই শীতৰ মাজতে ঘন কুঁৱলীৰ বাবে যান–বাহনৰ চলাচল তথা মানুহৰ স্বাভাৱিক জীৱনযাত্রালৈ নামি আহিছে সংকট৷