নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘন কুঁৱলীৰ বাবে ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ কুঁৱলীৰ আচ্ছাদনে ধৰালৈ শীত নমোৱাৰ সমান্তৰালকৈ অন্ধকাৰ নমাইছে বহুতৰ জীৱনলৈ ।

বৃহস্পতিবাৰে ঘন কুঁৱলীৰ ফলত কম দৃশ্যমানতাৰ বাবে সংঘটিত হয় বহুকেইটা দুৰ্ঘটনা । ৰাজস্থানৰ ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত দঘেৰা অঞ্চলৰ সমীপত আজি পুৱা বহুকেইখন বাহনৰ সংঘৰ্ষ হয় । য’ত প্ৰায় ১২ জনকৈ লোক আহত হোৱাৰ লগতে বহুকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

ইপিনে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনসমূহ আতৰাই নিয়ে ।

You might also like