নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰলৈ উভতিও ভাৰতক পাহৰিব পৰা নাই মেলেনিয়া ট্ৰাম্পে; টুইটযোগে প্ৰচাৰ কৰিলে ভিডিঅ’

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ আহি আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পে (Melania Trump) ৰাষ্ট্ৰপতি স্বামী ড’নাল্ড ট্ৰাম্পৰ সৈতে তাজমহল পৰিদৰ্শন কৰিছিল । যাৰ পাছতে আজি মেলেনিয়া ট্ৰাম্পে ভাৰত ভ্ৰমণৰ সময়ত স্বামী ড’নাল্ড ট্ৰাম্পৰ সৈতে উঠা একপি ফটো আৰু এটা সুন্দৰ ভিডিঅ’ টুইটযোগে প্ৰচাৰ কৰে ।

উল্লেখ্য যে মেলেনিয়া ট্ৰাম্পে প্ৰচাৰ কৰা এই ভিডিঅ’ত ট্ৰাম্প দম্পতিক হাতত হাত ধৰি প্ৰেমৰ প্ৰতীক তাজমহলৰ চৌহদত থকা বাগিছা আৰু পুলৰ চাৰিওদিশে পৰিদৰ্শন কৰা দেখা গৈছে ।

You might also like