চলিত বর্ষৰ মানস সৰোবৰ যাত্রাৰ আয়োজন নকৰে ছিকিমে
নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ চলিত বর্ষৰ জুন–ছেপ্টেম্বৰত আৰম্ভ হ’বলগীয়া মানস সৰোবৰ যাত্রাৰ আয়োজন নকৰে ছিকিম চৰকাৰে৷ উল্লেখ্য যে কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রালয়ে উত্তৰাখণ্ডৰ লিপুলেস পাছ আৰু ছিকিমৰ নাথুলা পাছেৰে তিব্বতৰ কৈলাস মানস সৰোবৰলৈ যাত্রাৰ আয়োজন কৰে৷ বৈদেশিক পৰিক্রমা মন্ত্রালয়ৰ নির্দেশনাত ছিকিম চৰকাৰে এই যাত্রাৰ আয়োজন কৰি আহিছে যদিও এইবেলি ক’ৰোনা ভাইৰাছৰ শংকাৰ বাবে চৰকাৰখনে যাত্রাৰ আয়োজন নকৰে বুলি ৰাজ্যখনৰ পর্যটনমন্ত্রী বি এছ পন্থে ঘোষণা কৰিছে৷ অকল কৈলাস মানস সৰোবৰ যাত্রাই নহয়, চীনৰ সৈতে নাথুলা পাছেৰে বাণিজ্যও বন্ধ ৰাখিব৷