নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি মাহৰ ভিতৰত অযোধ্যাত ৰাম মন্দিৰৰ নির্মাণ আৰম্ভ হ’বঃ শ্বাহ

নিউজ ডেস্ক, ১৭ ডিচেম্বৰঃ অযোধ্যাত চাৰি মাহৰ ভিতৰত সুউচ্চ ৰাম মন্দিৰ নির্মাণ প্রক্রিয়া আৰম্ভ হ’ব ৷

ঝাৰখণ্ডৰ বিধানসভা নির্বাচন উপলক্ষে পাকুৰত বিশাল নির্বাচনী সভাত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চাৰি মাহৰ ভিতৰত ভগৱান ৰামৰ বিশাল মন্দিৰ অযোধ্যাত নির্মাণ কৰাৰ প্রক্রিয়া আৰম্ভ হ’ব বুলি প্রতিশ্রুতি দিয়ে ৷

কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে শতিকা পুৰণি ৰাম জনমভূমি–বাবৰি মছজিদ ভূমি বিবাদ গোচৰৰ ঐতিহাসিক ৰায়যোগে অযোধ্যাত বিবদমান ভূমিত ৰাম মন্দিৰ নির্মাণৰ ৰায় দিছে ৷ সেই মর্মে সুউচ্চ ৰাম মন্দিৰটো নির্মাণৰ প্রক্রিয়া চাৰি মাহৰ ভিতৰতে আৰম্ভ হ’ব ৷

উল্লেখ্য যে যোৱা ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে ঐতিহাসিক ৰায়যোগে অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ বাবে তিনি মাহৰ ভিতৰত ন্যাস গঠন কৰাৰ নির্দেশ দিছিল ৷ ৰায়দানৰ দুদিন পিছতে গৃহ মন্ত্রালয়ে ন্যাস গঠনৰ প্রক্রিয়া আৰম্ভ কৰিছিল ৷

You might also like