চীনত বন্ধ হ’ব কুকুৰ-মেকুৰীৰ বজাৰ
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ চীনত প্ৰথমবাৰৰ বাবে কুকুৰ মেকুৰীৰ বজাৰ বন্ধ কৰি দিয়া হ’ব। কুকুৰ-মেকুৰীৰ মাংসৰ বজাৰ বন্ধ কৰা প্ৰথমখন মহানগৰ হ’ব ছেনঝেন। ছেনঝেনৰ বিশেষ অৰ্থনৈতিক অঞ্চল নিয়ামক অনুসৰি বন্য জন্তু তথা ইয়াৰ মাংসৰ বজাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে । এইক্ষেত্ৰত নতুন এক বিধেয়ক গৃহীত কৰা হৈছে। উল্লেখনীয় যে চীনত ১মে’ৰ পৰা এই নিষেধাজ্ঞা বলবৎ হ’ব মহানগৰখনত। অকল সেয়া।ই নহয়, সাপ-জেঠীকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে মহানগৰখনে। চীনত বিভিন্ন পশুৰ মাংসৰ পৰাই H1N1, H5N1, ছোৱাইনফ্লু আদি ভাইৰাছবোৰৰ সংক্ৰমণ ঘটিছিল