নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত ২৪ ঘণ্টাত ক’ভিড–১৯ত আক্রান্ত ১৩,১৪৬জন

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ বিশ্বৰ বহু দেশত ক’ভিডৰ সংক্রমণৰ তীব্রতা হ্রাস পাইছে যদিও চীন–দক্ষিণ কোৰিয়া আৰু ব্রিটেইনত অমিক্রনৰ নতুন ভেৰিয়েণ্ট ‘এক্স ই’য়ে সংহাৰ সৃষ্টি কৰিছে৷ এই মাৰণ ভাইৰাছে চীনত শেহতীয়াকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ যোৱা ২৪ ঘণ্টাত চীনত ক’ভিডত আক্রান্ত হৈছে ১৩,১৪৬জন লোক৷ যোৱা দুবছৰৰ ভিতৰত দৈনিক সংক্রমণত এয়া এক অভিলেখ হিচাপে চিহ্ণিত হৈছে দেশখনত৷ ক’ভিড মহামাৰী প্রতিৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে বেইজিং প্রশাসনে৷ চীনৰ কেইবাখনো চহৰত ইতিমধ্যে কঠোৰ লকডাউন জাৰি কৰা হৈছে৷ যাৰ ফলত কেইবাকোটি লোক গৃহবন্দী হৈ পৰিবলগীয়া হৈছে দেশখনত৷

You might also like