নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ কোৰিয়াক ক্ষেপণাস্ত্রৰে ধ্বংসস্তূপত পৰিণত কৰাৰ হুংকাৰ কিমৰ ভগ্নীৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে কঠোৰ সকীয়নি প্রদান কৰিছে উত্তৰ কোৰিয়াই৷ প্রতিৱেশী দেশখনৰ সেনাই উত্তৰ কোৰিয়াৰ যিকোনো স্থানতে ক্ষেপণাস্ত্রৰে আঘাত হনাৰ সক্ষমতা থকা বুলি কালি মন্তব্য কৰাৰ পিছতে আজি উত্তৰ কোৰিয়াই তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনৰ ভগ্নী কিম য়ো–জঙে  এক বিবৃতিত উল্লেখ কৰে যে দক্ষিণ কোৰিয়াই উত্তৰৰ বিৰুদ্ধে ক্ষেপণাস্ত্র নিক্ষেপৰ চেষ্টা চলালে দেশখনৰ বিভিন্ন স্থানত আক্রমণ চলোৱা হ’ব৷ আনকি দক্ষিণ কোৰিয়াৰ বহু চহৰ ধ্বংসস্তূপত পৰিণত কৰি দিয়া হ’ব বুলিও কিমৰ ভগ্নীয়ে হুংকাৰ দিছে৷ স্মর্তব্য যে দক্ষিণ কোৰিয়াৰ প্রতিৰক্ষা মন্ত্রীয়ে দেশখনৰ সেনাৰ সক্ষমতা সন্দর্ভত কালি মন্তব্য আগবঢ়াইছিল৷

You might also like