নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনা প্ৰতিষ্ঠানক দিয়া নহয় ঘাইপথৰ ঠিকাঃ গাডকাৰি

নিয়মীয়া বাৰ্তা,২ জুলাইঃ ৰঙা চীনৰ বিৰুদ্ধে অৰ্থনৈতিক যুঁজখন শক্তিশালী কৰি তুলিছে ভাৰতে। দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পত চীনা কোম্পানীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে নতুন দিল্লীয়ে। কেৱল চীনা কোম্পানীয়েই নহয়, চীনৰ কোনো কোম্পানীয়েই যৌথ উদ্য়োগত দেশৰ ঘাইপথ প্ৰকল্পত কাম কৰিব নোৱাৰিব।কেন্দ্ৰীয় পথ পৰিবহন ঘাইপথ আৰু এম এছএছএমইৰ মন্ত্ৰী নীতিন গাডকাৰিয়ে কয় যে দেশত পথ নিৰ্মাণৰ ক্ষেত্ৰত চীনৰ অংশদাৰিত্ব থকা যৌথ উদ্যোগক লৈ আমাৰ দেশত কাম কৰিবলৈ আহিব। আমি অনুমতি নিদিম। চীনৰ কোম্পানীক শীঘ্ৰেই নিষিদ্ধ কৰি ঘাইপথ প্ৰকল্পত যাতে ভাৰতীয় কোম্পানীয়ে কাম কৰিব পাৰে তাৰ বাবে চৰকাৰে নিয়ম ৰেহাই দিবলৈ পদক্ষেপ গ্ৰহণ কৰিব বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত ঘাইপথ সচিব আৰু এই এইছ এ আইৰ অধ্যক্ষক বৈঠক অনুষ্ঠিত কৰি দেশীয় কোম্পানীয়ে যাতে উন্নতমানৰ কাম কৰিব পাৰে তাৰ বাবে বাবে কাৰিকৰী আৰু বিত্তীয় নিয়ম ৰেহাইৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে যদি সৰু প্ৰকল্পত ঠিকাদাৰসকলে যোগ্যতা অৰ্জন কৰিব পাৰিব।লক্ষণীয় যে নিৰ্মাণ খণ্ডৰ নিয়ম ভাল নহয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই নিয়মৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈও বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যাতে ভাৰতীয় কোম্পানীক উতসাহিত কৰিব পৰা যাব।

You might also like