নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ চিকিৎসকক প্ৰৱেশ নিষেধ!

নিয়মীয়া বাৰ্তা,৭ এপ্ৰিলঃ আফ্ৰিকান ৰাষ্ট্ৰ নাইজেৰিয়াত ক’ৰোনা ভাইৰাছৰ চিকিৎসাৰ বাবে চৰকাৰে ১৮গৰাকী চীনা চিকিৎসকক অনাৰ চিন্তা-চৰ্চা চলোৱাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশখনৰ চিকিৎসা সংস্থাই চৰকাৰৰ এনে আঁচনিক কঠোৰ সমালোচনা কৰাৰ উপৰি চীনৰ চিকিৎসকক ক’ৰোনাৰ মোকাবিলাত নিয়োগ কৰাৰ বিপৰীতে শিক্ষিত নিবনুৱাসকলক এই কাৰ্যত ব্যৱহাৰ কৰিব লাগে বুলি দাবী জনাইছে। উল্লেখনীয় যে নাইজেৰিয়াত চীনৰ চিকিৎসকসকলৰ প্ৰৱেশ এই মুহূৰ্তত উচিত নহ’ব বুলি চিকিৎসা সংস্থাই ক্ষোভ উজাৰিছে। চীনা চিকিৎসকসকলে নাইজেৰিয়াৰ সংস্কৃতিৰ সৈতে কেতিয়াও একাত্ম হ’ব নোৱাৰিব বাবেই ক’ৰোনাৰ মোকাবিলাৰ ক্ষেত্ৰত দেশখনত সফল হ’ব নোৱাৰিব বুলিও ঘোষণা কৰিছে চিকিৎসা সংস্থাৰ কেইবাগৰাকীও বিষয়ববীয়াই।

You might also like