নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ পৰা পাক অভিমুখে যাত্রা কৰা জাহাজ জব্দ গুজৰাটত

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ পাকিস্তানৰ কৰাচী অভিমুখে গৈ থকা কার্গ’ জাহাজ এখন জব্দ কৰা হৈছে গুজৰাটৰ কান্লা বন্দৰৰ সমীপত ৷ ৩ ফেব্রুৱাৰীৰ পৰা এই জাহাজখনৰ ওপৰত নজৰ ৰাখিছিল ভাৰতীয় বাহিনীয়ে৷ ইতিমধ্যে জব্দ হোৱা জাহাজখনত আৰম্ভ কৰা হৈছে তদন্ত৷ হংকঙৰ পতাকা সম্বলিত এই জাহাজখনে কৰাচীৰ প’ট কাছিম অভিমুখে গৈ আছে৷ ভাৰতীয় শুল্ক বিভাগৰ বিষয়াই সন্দেহ কৰা অনুসৰি ক্ষেপণাস্ত্র উৎক্ষেপণৰ বাবে এই জাহাজখন ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছিল৷ তাৎক্ষণিকভাৱে এই জাহাজখনৰ ওপৰত পৰীক্ষা চলাইছে প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ৰ বিষয়াসকলে৷ লক্ষণীয়ভাৱে জাহাজখনৰ পৰীক্ষাৰ বাবে মোতায়েন কৰা হৈছে এদল পৰমাণু বিজ্ঞানীক৷ চীনৰ জিয়াংছু প্রদেশৰ জিয়াংয়িন বন্দৰৰ পৰা কৰাচী অভিমুখে যাত্রা কৰিছিল জাহাজখনে৷ পাকিস্তানৰ মিত্র দেশ চীনে জাহাজখনত বেলিষ্টিক ক্ষেপণাস্ত্র পৰীক্ষাৰ বিভিন্ন সামগ্রী তথা সঁজুলি প্রেৰণ কৰা বুলি সন্দেহ কৰিছে নতুন দিল্লী প্রশাসনে৷ অৱশ্যে এই বাতৰি যুগুতোৱাৰ পৰলৈ বিষয়টো সন্দর্ভত কোনো ধৰণৰ তথ্য সদৰী কৰা নাই প্রশাসনে৷

You might also like