নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াত আপত্তিজনক প’ষ্ট কৰি চাকৰি হেৰুৱালে এগৰাকী মহিলা তেহচিলদাৰে

নিয়মীয়া বাৰ্তা,২৭ ডিচেম্বৰঃ দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে মধ্য প্ৰদেশত সংঘটিত হ’ল এক আজৱ ঘটনা ।

মধ্যপ্ৰদেশৰ চ’পোৰ জিলাৰ এগৰাকী মহিলা তেহচিলদাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত আপত্তিজনক প’ষ্ট কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰে ।

উল্লেখ্য যে ২৬ ডিচেম্বৰত এখন নিলম্বন পত্ৰযোগে চম্বলৰ আয়ুক্ত ৰেনু তিৱাৰীয়ে তেহচিলদাৰ অমিত সিং তোমৰক নিলম্বন কৰে ।

পত্ৰখনৰ মতে, বিষয়াগৰাকীয়ে ছ’চিয়েল মিডিয়াত উদ্দেশ্যবিহীন মন্তব্য প’ষ্ট কৰি তেওঁৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে আৰু মানুহৰ সৈতে দুঃব্যৱহাৰ কৰিছে । যাৰ বাবে এই অভিযোগতে তেহচিলদাৰ অমিত সিং তোমৰক চাকৰিৰ পৰা নিলম্বন কৰা হয় ।

You might also like