ছছিয়েল মিডিয়াৰ লগত আধাৰ সংযুক্ত কৰা নহয়ঃ প্ৰসাদ
নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ কেন্দ্ৰ চৰকাৰে বুধবাৰে লোকসভাত স্পষ্ট কৰি দিয়ে যে ছছিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে নিজৰ প্ৰফাইলত আধাৰৰ লগত সংযুক্ত কৰাৰ কোনো পৰিকল্পনা নাই। লোকসভাত গৌৰৱ গগৈ, সুনীল বাবু ৰাও মেন্দেৰ লগতে আন কেইজন মান সদস্যৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে শিশুৰ অশ্লীল ছবি এতিয়া বৃহৎ সমস্যা আৰু চৰকাৰে ইয়াৰ বিৰোধে যুঁজ দিব।
লগতে মন্ত্ৰী গৰাকীয়ে কয় যে ছছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ইয়াৰ ভূল ব্যৱহাৰৰ ক্ষেত্ৰত বাধা দিবলৈ চৰকাৰে কেইবাটাও উপায় বিচাৰি উলিয়াইছে। আনহাতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই চৰকাৰক মৌখিক নিৰ্দেশ দিছিল যে ছছিয়েল মিডিয়াত ভূল প্ৰয়োগৰ ক্ষেত্ৰত সংসদত চৰ্চা হ’ব লাগে। ইয়াৰ পিছেতেই সংসদীয় কাৰ্য ৰাজ্যিক মন্ত্ৰী অৰ্জুন মেঘবালে সন্মতি জনায়।