ছাৰছৰ অভিলেখ ভংগ ক’ৰোনা ভাইৰাছৰ
নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ ২০০২–০৩ত ছাৰছ ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা অতিক্রম কৰিছে ক’ৰোনা ভাইৰাছত প্রাণহানি হোৱা লোকৰ সংখ্যাই৷ ছাৰছ ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈ ৭৭৪গৰাকী লোকে প্রাণ হেৰুৱাইছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ দ্বাৰা প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৮১১গৰাকীলৈ বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে চীনৰ লগতে বিশ্বৰ বিভিন্ন দেশত এই ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত লোকৰ সংখ্যাই ৩৭ হাজাৰ অতিক্রম কৰিছে৷ চীনৰ ৱুহানৰ পৰা বিস্তাৰ ঘটা এই মাৰাত্মক ভাইৰাছবিধৰ বিৰুদ্ধে প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ বিশেষজ্ঞ চিকিৎসকলে প্রচেষ্টা চলাই আছে৷ চিকিৎসা বিজ্ঞানীসকলে আমেৰিকা আৰু অষ্ট্রেলিয়াত এই ভাইৰাছবিধৰ প্রতিৰোধী ছিটা উদ্ভাৱনৰ বাবে যুদ্ধকালীন প্রচেষ্টাৰে পৰীক্ষাগাৰত গৱেষণা চলাই থকাৰ বিপৰীতে প্রায়বোৰ দেশতেই এই মাৰাত্মক ভাইৰাছবিধ সন্দর্ভত চলাই থকা হৈছে পৰীক্ষা–নিৰীক্ষা৷ বিশেষজ্ঞ চিকিৎসকসকলে এই ভাইৰাছবিধৰ বিস্তাৰ বিভিন্ন প্রাণীৰ পৰা ঘটা বুলি ধাৰণা কৰিছে যদিও এই সন্দর্ভত কোনো নির্দিষ্ট সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ গতিকে ক’ৰোনা ভাইৰাছ প্রতিৰোধী ছিটা উদ্ভাৱনৰ বাবে চিকিৎসা বিজ্ঞানীসকলৰ মাজত চলিছে বিৰামহীন গৱেষণা৷