নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিয়াচেনৰ জোৱানে পোৱা নাই অত্যাধুনিক বুট

লোকসভাত কেগৰ চাঞ্চল্যকৰ প্রতিবেদন দাখিল

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ বিশ্বৰ উচ্চতম যুদ্ধক্ষেত্র হিচাপে চিহ্ণিত ছিয়াচেন আৰু লাডাখত সৈনিকসকলে বিভিন্ন সামগ্রীৰ অভাৱৰ মাজতে কর্তব্য পালন কৰি আছে৷ শেহতীয়াকৈ লোকসভাত দেশৰ মহাগাণনিক (কেগ)ৰ তৰফৰ পৰা এই সন্দর্ভত এক প্রতিবেদন দাখিল কৰা হৈছে৷ এই প্রতিবেদনতে পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য৷ কেগৰ প্রতিবেদন অনুসৰি উচ্চতম যুদ্ধক্ষেত্রত পর্যাপ্ত কাপোৰ তথা অন্যান্য সামগ্রী আৰু সঁজুলি অবিহনেই কর্তব্য পালন কৰিবলগীয়া হৈছে সৈনিকসকলে৷ বিগত চাৰি বছৰ ধৰি সৈনিকসকলে প্রয়োজনীয় সামগ্রী আৰু বৰফৰ মাজত ব্যৱহাৰ হোৱা পর্যাপ্ত বস্ত্রৰ নাটনিত কর্তব্য পালন কৰিবলগীয়া হৈছে৷ কেগৰ প্রতিবেদন অনুসৰি স্ন’ গাগ’লছ অর্থাৎ তুষাৰপাতত পৰিধান কৰা চছমাৰ যোগান অভাৱনীয়ভাৱে হ্রাস পাইছে৷ সেইদৰে সৈনিকসকলে ২০১৫ৰ পৰা ২০১৬লৈকে বহু সুবিধা থকা বৰফত ব্যৱহূত হোৱা বুট অবিহনেই কর্তব্য পালন কৰিবলগা হৈছিল বুলি কেগে এই প্রতিবেদনত উল্লেখ কৰিছে৷ কেগৰ এই প্রতিবেদনত প্রকাশ পোৱা অনুসৰি সৈনিকসকলে ছিয়াচেন আৰু লাডাখত পুৰণি ধৰণৰ ফেচ মাস্ক, জেকেট আৰু শ্লিপিং বেগ লাভ কৰি আহিছে৷ উন্নত ডিজাইনৰ এই সামগ্রীবোৰ এতিয়াও দুর্গম অঞ্চলৰ যোদ্ধাসকলক দিয়া হোৱা নাই বুলি স্পষ্টভাৱে উল্লেখ কৰিছে কেগে৷

You might also like