নিয়মীয়া বাৰ্তা, ১৮ জুন: প্রধানমন্ত্রী হোৱাৰ পূর্বে ছুইছ বেংকত জমা হৈ থকা ভাৰতীয় নাগৰিকৰ ক’লাধন দেশলৈ ওভতাই অনাৰ প্রতিশ্রুতি দিছিল নৰেন্দ্র মোদীয়ে৷ কিন্তু প্রথমটো কার্যকাল যোৱাৰ পাছত দ্বিতীয় কার্যকালৰো তিনি বছৰ সম্পূর্ণ কৰা মোদী চৰকাৰে আজিলৈকে ছুইছ বেংকৰ পৰা ক’লাধন দেশলৈ ওভতাই আনিবলৈ সক্ষম নহ’ল৷ ইয়াৰ বিপৰীতে মোদী চৰকাৰৰ দিনত ভাৰতীয়সকলৰ ছুইছ বেংকত জমা হোৱা ধনৰ পৰিমাণে পূর্বৰ সমস্ত অভিলেখ ভংগহে কৰিলে৷ ছুইছ নেচনেল বেংকৰ তথ্য অনুসৰি ২০২১ চনত বেংকটোত ভাৰতীয় ব্যক্তি তথা সংস্থাসমূহৰ মুঠ জমাধনৰ পৰিমাণ আছিল ৩৮৩ কোটি ছুইছ ফ্রাঁ৷ অর্থাৎ ভাৰতীয় হিচাপত ৩০,৫০০ কোটি টকা৷ যোৱা ১৪ বছৰৰ ভিতৰত এই টকাৰ পৰিমাণ সর্বোচ্চ৷
লক্ষণীয় যে ১৪ বছৰৰ পূর্বৰে পৰা ছুইছ নেচনেল বেংকে জমাধনৰ তথ্য প্রকাশ কৰিবলৈ আৰম্ভ কৰিছিল৷ ২০২০ চনত ছুইছ বেংকত ভাৰতীয় ব্যক্তি আৰু সংস্থাসমূহৰ মুঠ জমাধনৰ পৰিমাণ আছিল ২০,৭০০ কোটি টকা৷ অর্থাৎ এবছৰৰ ভিতৰত ৫০ শতাংশ জমাৰ পৰিমাণ বৃদ্ধি পাইছে৷ গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকা অৱস্থাত নৰেন্দ্র মোদীয়ে তেতিয়াৰ প্রধানমন্ত্রী মনমোহন সিঙক বাৰে বাৰে ছুইছ বেংকত জমা হৈ থকা ক’লা টকা দেশলৈ ঘূৰাই অনাৰ দাবী জনাইছিল৷ আনকি বিজেপি ক্ষমতালৈ আহিলে ছুইছ বেংকত জমা হৈ থকা সমস্ত ক’লাধন দেশলৈ ওভতাই আনি দেশবাসীৰ প্রগতিৰ স্বার্থত এই ধন খৰচ কৰা হ’ব বুলি প্রতিশ্রুতি দিছিল মোদীয়ে৷ কিন্তু এইক্ষেত্রত মোদী চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম নহ’ল৷ যাৰ বাবে বিভিন্ন সময়ত বিৰোধীৰ সমালোচনাৰ সন্মুখীনো হৈ আহিছে প্রধানমন্ত্রী মোদী৷ অৱশ্যে ছুইছ নেচনেল বেংকে ভাৰতীয় নাগৰিক তথা প্রতিষ্ঠানৰ জমাধনৰ অভিলেখ সৃষ্টি হোৱা বুলি তথ্য প্রকাশ কৰিছে যদিও এয়া বৈধ ধন বুলিয়েই ঘোষণা কৰিছে৷ ছুইছ বেংকৰ ক’লাধন চিহ্ণিত কৰিব পৰাকৈ কিবা ব্যৱস্থা আছেনে নাই সেই কথা আজিও ভাৰত চৰকাৰৰ বাবে জ্ঞাত নহয়৷