নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ পাকিস্তানত সন্ধানহীন হোৱা জইচ–ই–মহম্মদ (জেইএম)ৰ মুৰব্বী মাছুদ আজহাৰে দেশখনৰ বাহৱালপুৰৰ এক নিশ্ছিদ্র নিৰাপত্তা বেষ্টনীৰ বাসগৃহত কটাইছে ৷ নিৰাপদ জীৱন কটাই আছে জইচৰ মুৰব্বীজনে ৷ শেহতীয়াকৈ ভাৰতীয় চোৰাংচোৱাৰ সূত্রই সদৰী কৰিছে এই তথ্য ৷ জইচৰ মুখ্য কার্যালয়ত বোমা আক্রমণেও বিধ্বস্ত কৰিব নোৱাৰা বাসগৃহ এটাত গোপনে বাস কৰি আছে নেতাগৰাকীয়ে ৷ বাহৱালপুৰৰ এই নিৰাপদ বাসগৃহৰ উপৰি মাছুদৰ অন্য দুটা ঠিকনা আছে৷ কিন্তু জইচৰ মুখ্য কার্যালয়ৰ গোপন ঘাটিতেই বেছিভাগ সময় আশ্রয় লৈ থাকে মাছুদ আজহাৰে ৷ স্মর্তব্য যে যোৱা বছৰ ১৪ ফেব্রুৱাৰীত পুলৱামাত সংঘটিত কৰা নৰসংহাৰৰ মাষ্টাৰমাইণ্ড জইচ ভাৰতৰ বাবে এজন ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী ৷ পাকিস্তানে এই সন্ত্রাসবাদী নেতাজনক কৌশলেৰে সুৰক্ষা প্রদান কৰি আহিছে যদিও আন্তর্জাতিক সংস্থা এফএটিএফৰ শাস্তিৰ সন্মুখীন হোৱাৰ আতংকত আজহাৰ সন্ধানহীন হোৱা বুলি প্রচাৰ চলাইছে ৷