নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰ সন্দর্ভত নিৰাপত্তা পৰিষদত ৰুদ্ধদ্বাৰ বৈঠক

ৰাষ্ট্রসংঘ, ১8 ডিচেম্বৰঃ চীনৰ অনুৰোধমর্মে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে জম্ম–কাশ্মীৰৰ বিষয়টোক লৈ প্রথমবাৰৰ বাবে এক ৰুদ্ধদ্বাৰ বৈঠক আয়োজন কৰিছে ৷

উল্লেখনীয় যে যোৱা আগষ্ট মাহত ভাৰতে সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰাৰ উপৰি উপত্যকা প্রদেশখনক দুই কেন্দ্রীয়শাসিত অঞ্চলত বিভক্ত কৰা পিছৰে পৰা প্রতিৱেশী পাকিস্তানে এই বিষয়টোক লৈ বিশ্বৰ সর্বোচ্চ সংস্থাটোত জনমত সৃষ্টিৰ প্রচেষ্টা চলাই আহিছে ৷

অৱশ্যে ৰাষ্ট্রসংঘই এয়া ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি অভিহিত কৰি পূর্বৰে পৰা ইয়াক লৈ আলোচনা কৰিবলৈ অস্বীকাৰ কৰি আহিছে৷ কিন্তু শেহতীয়াকৈ আজি জম্মু–কাশ্মীৰৰ পৰিস্থিতি সন্দর্ভত নিৰাপত্তা পৰিষদৰ মজিয়াত এই বিষয়টোক লৈ আলোচনাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে পাকিস্তানৰ বন্ধুৰাষ্ট্র চীনৰ আহ্বানক্রমে ৷

এগৰাকী ৰাষ্ট্রসংঘৰ কূটনীতিকৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ মাধ্যমে সদৰী কৰিছে এই তথ্য৷ স্মর্তব্য যে ইয়াৰ পূর্বে ১২ ডিচেম্বৰত পাক বিদেশমন্ত্রী শ্বাহ মেহমুদ কুৰেশ্বীয়ে জম্মু–কাশ্মীৰত চলি থকা উত্তেজনাৰ বিষয়টোক লৈ নিৰাপত্তা পৰিষদলৈ প্রেৰণ কৰিছিল এখন পত্র ৷

You might also like