নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জল্লাদ হ’বলৈ সাজু শ্বুটাৰ ভার্টিকা সিংঃ তেজেৰে পত্র লিখি অমিত শ্বাহলৈ প্রেৰণ

নিউজডেস্ক, ১৬ ডিচেম্বৰঃ নর্ভয়া গণধর্ষণ কাণ্ডৰ চাৰি অপৰাধীক ফাঁচি দিবলৈ জল্লাদ হ’বলৈ সাজু বুলি গৃহমন্ত্রী অমিত শ্বাহলৈ তেজেৰে লিখা পত্র প্রেৰণ কৰিছে আন্তঃৰাষ্ট্রীয় শ্বুটাৰ ভার্টিকা সিঙে ৷

সংবাদ মাধ্যমৰ সন্মুখত ক্রীড়াবিদগৰাকীয়ে দেওবাৰে কয় যে নতুন দিল্লীৰ বর্বৰ গণধর্ষণ কাণ্ডত জড়িত চাৰি নৰপিশাচক ফাঁচি দিয়াৰ অনুমতি তেওঁক প্রদান কৰা উচিত ৷ ইয়ে সমগ্র দেশলৈ এক শক্তিশালী বার্তা কঢ়িয়াই নিব যে এগৰাকী মহিলায়ো জল্লাদ হৈ ধর্ষণকাৰীক ফাঁচি দিব পাৰে ৷

‘ধর্ষণকাৰীয়ে এক শিক্ষা পোৱা উচিত যে ভাৰতত এগৰাকী মহিলাই তেওঁলোকক মৃত্যুদণ্ড দিব পাৰে ৷ এইক্ষেত্রত মই দেশৰ মহিলা সাংসদ তথা অভিনেত্রীসকলৰ সমর্থন বিচাৰোঁ ৷ এগৰাকী মহিলাই জল্লাদৰ দায়িত্ব লাভ কৰিলে, ইয়ে সমাজলৈ এক পৰিৱর্তন আনিবলৈ সক্ষম হ’ব বুলি মই আশাবাদী ৷ এইখন দেশত মহিলাসকলে ভয় আৰু শংকাৰে জীৱন কটাব নালাগে ৷’ –শ্বুটাৰ ভার্টিকা সিঙে এইদৰে কয় ৷

উল্লেখ্য যে ২০১২ৰ ১৬ ডিচেম্বৰত নতুন দিল্লীৰ ৰাজপথত এখন চলন্ত বাছৰ ওপৰত ২৩ বছৰীয়া যুৱতী নির্ভয়া চাৰি নৰপিশাচৰ গণধর্ষণৰ বলি হৈ মৃত্যুবৰণ কৰিছিল ৷

You might also like