নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানৰ প্ৰযুক্তিৰে প্ৰতিৰোধ হ’ব দিল্লীৰ বায়ু প্ৰদূষণ

উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ তথ্য, দুদিনলৈ বন্ধ শিক্ষানুষ্ঠান

নতুন দিল্লীঃ ভয়াৱহ বায়ু প্ৰদূষণৰ কবলত ৰাজধানী দিল্লী।  বায়ু প্ৰদূষণৰ ফলত ব্যাহত হৈ পৰিছে ৰাজধানী দিল্লীৰ স্ৱাভাৱিক জনজীৱন। বিজ্ঞানী তথা বতৰ বিজ্ঞানীসকলৰ মতে নতুন দিল্লীত বায়ু প্ৰদূষণে আৰু বিপদজনক পৰ্যায়লৈ গতি কৰিব।  দিল্লীৰ বিদ্যালয়সমূহ আগন্তুক দুদিনলৈ বন্ধ ঘোষণা কৰা হৈছে। প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীসকলক ঘৰৰ ভিতৰতে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেশৰ ৰাজধানী চহৰখনত বায়ু প্ৰদূষণে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাইছে যে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ শীঘ্ৰে জাপানীজ প্ৰযুক্তিৰ সহায় লোৱা হব। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কি ব্যৱস্থা লৈছে সেই সন্দৰ্ভত জনাবলৈ নিৰ্দেশ দিছিল। কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেলে শীৰ্ষ আদালতক কয় যে এখন উচ্চ ক্ষমতাসম্পন্ন কমিটী গঠন কৰি জাপানীজ প্ৰযুক্তিৰ সহায়ত নতুন দিল্লীৰ বায়ু প্ৰদূষণ প্ৰতিৰোধৰ যাৱতীয়  ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই কমিটীখনক অহা ৩ নবেম্ৱৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।