নিয়মীয়া বাৰ্তা, ৩ এপ্রিল: মানহানিৰ গোচৰত সোমবাৰে (৩ এপ্ৰিল) জামিন লাভ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। চুৰাট আদালতত তেওঁৰ আবেদনৰ পৰৱৰ্তী শুনানি ১৩ এপ্ৰিলত হ’ব। জামিন লাভ কৰাৰ পিছত ৰাহুল গান্ধীয়ে টুইট কৰি কয় যে এয়া গণতন্ত্ৰ ৰক্ষাৰ যুঁজ, ‘মিত্ৰকাল’ৰ বিৰুদ্ধে। এই সংগ্ৰামত সত্য মোৰ অস্ত্ৰ, আৰু সত্য মোৰ আশ্ৰয়।
ৰাহুল গান্ধীয়ে চুৰাট আদালতৰ পৰা জামিন লাভ কৰাৰ পিছত তেওঁৰ ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও টুইট কৰে। তেওঁ লিখিছে যে সাহসী পুৰুষে অন্যমনস্ক নহয়, এটা মুহূৰ্তৰ বাবেও ধৈৰ্য্য হেৰুৱাব নালাগে, বাধাক আকোৱালি লয়, কাঁইটৰ মাজেৰে বাট উলিয়ায়।