নিয়মীয়া বাৰ্তা, ৪জুলাইঃ ৰিলায়েঞ্চ, জিঅ’ প্লেটফ’মত ২৫৩.৫ নিযুত মার্কিন ডলাৰ বিনিয়োগ কৰিব ইণ্টেলে৷ আমেৰিকাত ছিপমেকাৰ বিনিয়োগ প্রতিষ্ঠান ইণ্টেলে এই বিনিয়োগেৰে জিঅ’ প্লেটফ’মৰ ০.৩৯ শতাংশ শ্বেয়াৰ লাভ কৰিব৷ ইণ্টেল হৈছে জিঅ’ ফ্লেটফ’মত নিয়োগ কৰা দ্বাদশ প্রতিষ্ঠান৷ ইয়াৰ পূর্বে বিশ্বৰ প্রসিদ্ধ ফেচবুক, জেনেৰেল আটলাণ্টিক ছিলভাৰলেক আদি প্রতিষ্ঠানে জিঅ’ত বৃহৎ পৰিমাণৰ ধন লেনদেন কৰিছে৷
উল্লেখ্য যে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রী লিমিটেডৰ স্বত্বাধিকাৰী মুকেশ আম্বানিৰ জিঅ’ প্লেটফ’মৰ এই বছৰত ২৫ শতাংশ শ্বিয়াৰ বিক্রী কৰি কোম্পানীটোৰ অংশীদাৰিত্ব ১৫.৫ বিলিয়ন মার্কিন ডলাৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷
যোৱা ১৮ জুনত ছৌদি আৰবৰ পি আই এফে ১.৫ বিলিয়ন মার্কিন ডলাৰ জিঅ’ত বিনিয়োগ কৰাৰ পিছত এই কোম্পানীটোৰ আন কোনো প্রতিষ্ঠানৰ বিনিয়োগ নকৰাৰ সিদ্ধান্ত মুকেশ আম্বানিয়ে লৈছিল যদিও ইণ্টেলৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে৷ অর্থাৎ ইণ্টেলে জিঅ’ প্লেটফ’মত ২৫৩.৫ নিযুত মার্কিন ডলাৰ বিনিয়োগ কৰাটো নিশ্চিত হয়৷ তাৎপর্যপূর্ণ যে ২০২৩ চনৰ ভিতৰত জিঅ’ ফ্লেটফ’মৰ গ্রাহক ৫০০ নিযুতলৈ বৃদ্ধি পাব আৰু ২০২৫ চনৰ ভিতৰত দেশৰ ম’বাইল সংযোগৰ অর্ধেক হ’ব জি’৷