নিয়মীয়া বাৰ্তা, ৩ জুনঃ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা জেছিকা লাল হত্যাকাণ্ডৰ দোষী মনু শর্মাক শাস্তিৰ ম্যাদ উকলাৰ পূর্বেই মুক্তি দিয়া হৈছে৷ যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত মনু শর্মাক শাস্তিৰ ম্যাদ উকলাৰ পূর্বেই মুকলি কৰাৰ ক্ষেত্রত অনুমতি দিছে দিল্লীৰ উপ–ৰাজ্যপাল অনিল বাইজালে৷
উল্লেখ্য যে দিল্লী চৰকাৰৰ অধীনৰ দিল্লী চেণ্ড্রেল ৰিভিউ ব’ড (এছআৰবি) –এ যোৱা মাহতেই মনু শর্মাক মুকলি কৰাৰ অনুমোদন জনাইছিল৷ যোৱা ১১ মে’ত দিল্লীৰ গৃহমন্ত্রী সত্যেন্দৰ জৈনৰ অধ্যক্ষতাত অনুষ্ঠিত এছ আৰ বিৰ বৈঠকতে কাৰাবন্দী শর্মাক মুকলি কৰি দিয়াত অনুমোদন জনোৱা হৈছিল৷ জেছিকা লাল হত্যাকাণ্ডৰ দোষী মনু শর্মা হৈছে প্রাক্তন কেন্দ্রীয় মন্ত্রী বিনোদ শর্মাৰ পুত্র৷ ১৯৯৯ চনত জেছিকা লালক হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰি দিল্লী উচ্চ ন্যায়ালয়ে ২০০৬ চনৰ ডিচেম্বৰত যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল৷ শুনানি আদালতে হত্যাকাণ্ডৰ গোচৰটিত মনু শর্মাক মুক্ত কৰি দিছিল যদিও দিল্লী উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে৷
২০১০ চনৰ এপ্রিল মাহত উচ্চতম ন্যায়ালয়েও দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়কে বাহাল ৰাখে৷ উল্লেখ্য যে ১৯৯৯ চনৰ ৩০ এপ্রিলৰ নিশা দক্ষিণ দিল্লীৰ মেহেৰলি অঞ্চলৰ কুতুবক’ল’নাদেত সমাজবাদী বীণা ৰোমানিৰ তামাৰিন্দ ক’ট ৰেষ্টুৰেণ্টত মদ সেৱন কৰাত সহযোগ নকৰাৰ বাবে মনু শর্মাই জেছিকা লালক গুলীয়াই হত্যা কৰিছিল৷