নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডৰ নির্বাচনে প্রভাৱ পেলাব বিহাৰত

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ সদ্যঘোষিত ঝাৰখণ্ড বিধানসভা নির্বাচনৰ ফলাফলে আগন্তুক দিনত প্রতিৱেশী ৰাজ্য বিহাৰৰ ৰাজনীতিত প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখনীয় যে ঝাৰখণ্ডত জেএমএম, কংগ্রেছ আৰু আৰজেডিৰ মিত্রজোঁটে বিজয় সাব্যস্ত কৰি বিজেপিৰ ক্ষমতা দখলৰ স্বপ্ন ধূলিসাৎ কৰি দিয়াৰ পিছত বিহাৰত আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে মহাজোঁটৰ শক্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি আশা প্রকাশ কৰিছে আৰজেডিৰ বিধায় ভাই বীৰেন্দ্রই ৷ ঝাৰখণ্ডৰ অনুপ্রেৰণাই তিনিওটা ৰাজনৈতিক দলৰ মাজৰ মহাজোঁটৰ শক্তি বৃদ্ধি পোৱাত বিহাৰত সহায় কৰিব বুলি আশা প্রকাশ কৰিছে বিধায়কগৰাকীয়ে ৷ উল্লেখনীয় যে আগন্তুক ২০২০ চনত বিহাৰত অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন ৷ ৰাজ্যখনত বিজেপি, জেডি(ইউ)ৰ নেতৃত্বত এনডিএ চৰকাৰ আছে যদিও বর্তমান জেডি(ইউ)ৰ সৈতে বিজেপিৰ বিভিন্ন বিষয়ত মতানৈক্য তীব্রতৰ হৈছে ৷ গতিকে ইয়াৰ সুযোগ গ্রহণ কৰিব পাৰে আৰজেডি আৰু কংগ্রেছে ৷

You might also like