নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ : মাইক্র’ব্লগিং ছাইট টুইটাৰ অধিগ্রহণৰ পিছত ভাৰতীয় বংশোদ্ভৱ চি ই অ’ পৰাগ আগৰৱালাক অপসাৰণ কৰিছিল ধনকুবেৰ এলন মাস্কে৷ এইবাৰ অন্য এগৰাকী ভাৰতীয় বংশোদ্ভৱক তেওঁ টুইটাৰৰ গুৰুত্বপূর্ণ পদত নিযুক্তি দিছে৷ টুইটাৰক নতুন ৰূপত সজাই অধিক গতিশীল কৰি তুলিবলৈ কেইবাগৰাকীও পৰামর্শদাতাক নিযুক্তি দিছে মাস্কে৷ ইয়াৰ ভিতৰত আছে ভাৰতীয় বংশোদ্ভৱ শ্রীৰাম কৃষ্ণন৷ কৃষ্ণন অৱশ্যে টুইটাৰত নতুন নহয়৷ ইয়াৰ পূর্বেও টুইটাৰত নিযুক্ত হৈ আছিল কৃষ্ণন৷ টুইটাৰৰ ছানফ্রান্সিছকো কার্যালয়ৰ ছবি পোষ্ট কৰিছে শ্রীৰাম কৃষ্ণনে৷